লিমাৰিক

১.লুঙি পিন্ধা ৰান্ধনিয়ে কেৰাহিত তেল মাৰে ।
শুই থকা শিয়ালে সপোনত কুকুঁৰা ধৰে ।।
'দহ'টাৰ পৰা ক্লাছ ।
সেয়ে ৰাতি কৰে ব্ৰাছ ।।
অট' লৈ দৌৰোতে চিগাৰেটত উজুতি মাৰে ।




২.অভাৱ নাই বন্ধুৰ চ'চিয়েল চাইটত ।
এই কথা লিখি থ'বা তুমাৰ নোটবুকত ।।
ফিক্স কৰিম মিটিং ।
ফেচবুকত চিটিং ।।
নৱজাতকো ব্যস্ত কিয় চাইবাৰ কেফেট ।।



৩.জুবিনৰ গানত প্ৰজন্মই হয় বলিয়া।
মন চিৰিজৰ গীতে কৰে মন মতলিয়া।।
মৌচম গগৈৰ সুৰ।
হিয়াক পেলাই জুৰ।।
পাইৰেস্কিয়ে কৰে প্ৰডাকচন দেউলিয়া।। 

এতিয়া আপেক্ষা এটা নতুন পূৱালৈ

এতিয়া আপেক্ষা এটা নতুন পূৱালৈ
য'ত অনুভৱ কৰিব পৰা যায়...
প্ৰতিদিনেই শেৱালিৰ মিঠা সুগন্ধ ا
য'ত কুলিজনীয়ে কাউৰি বাহ এৰি
নিজ বাহঁত সৃষ্টি কৰিব আদিম اا
কৃত্ৰিম কোৰ্লাহলৰ বিপৰীতে
মাথো থাকিব শিশুৰ অৰ্বননীয় কোলাহল
আৰু শুনা যাব পাহাৰৰ পৰা ...
বৈ অহা নদীৰ মিঠা সুৰ ا
সকলোৱে অনুভৱ কৰিব বিচাৰিব
জীৱন আৰু জীৱনৰ ৰং ا
প্ৰতিজন দুখীয়াই নিজকে ভাবিব
পৃথিৱীৰ আটাইতকৈ সুখিজন বুলি اا
তাত নাথাকিব কোনো বিভেদ নামৰ
কলংকিত ৰাজনীতি اا
আমি এনে এটি পূৱাৰ আপেক্ষাত...
য'ত থাকিব মাথো সুগন্ধিত শান্তি
আৰু সচাঁ অৰ্থৰ সমৃদ্ধি اا




পৰাজিত

                                            হিমকুজ্যোতি

এজন পৰাজিত সৈনিক সৈয়ে ৰ'লো
জীৱন যুদ্ধত মোৰ...
যদিও উষ্ণ ৰাতিবোৰত প্ৰায়েই
দেখো বিজয়ধ্বনি বজোৱাৰ সপোন।


প্ৰেয়সী জনীওঁ মোৰ বাবে আপেক্ষাত
হৈ ৰ'ব' এই আপেক্ষা আজি
বালি ঘৰৰ দৰেই ধূসৰ।
বিশাল লুইটৰ বুকুত সাতুৰি পাৰ হ'বলৈ
আজিওঁ নিশিকিলো যে মই।।


আয়েওঁ আজি ছাগৈ মোক সন্মুখত ৰাখি
উপলব্ধিৰ কিছু খটিয়ান উদঙাব।
মই যে এটিয়া পৃথিৱী খনৰ বাবে হৈ পৰিছো
এটা জীৱন্ত শৰীৰী যাযাবৰ
অ-প্ৰতিফলিত সপোন এটা লৈ.......



বৰফ দেশত আদিম এৰাতি



নেদেখা নদীৰ  ঘাটত
বহিছিলো তাইৰ সতে...!!
আদিম সভ্যতাৰ এৰাতি !!
পাতিছিলো বহু যুদ্ধযাত্ৰাৰ কথা...
সুগন্ধি প্ৰেমৰ সুবাসেৰে সেই ৰাতি
বৰফৰ দেশত বিৰিঙিছিল  হাঁহি !
সেই দিনা অনুভৱ কৰিব বিছাৰিছিলো...
নদীৰ অবৰ্ণময় "হিউমাচ" !
অনুভব কৰিব বিচাৰিছিলো নদীৰ সেই...
আদিম কেচেঁমা কেচেঁম সুগন্ধ !
সেই ৰাতি আছিল মোৰ বাবে এক অভিশাপ
কিয়নো বৰফ গলিব ধৰিছিল সেইদিনাই !
আৰু গলি গলি উটুৱাই নিলে ...
আদিম সভ্যতাৰ সেই কেচেঁমা কেচেঁম গোন্ধ !
উটুৱাই নিলে নেদেখা নদীৰ  ঘাট !!




হিমকুজ্যোতি
১৭জানুৱাৰি|২০১০

জীৱনৰ ৰং

জীৱন !!
জীৱন সজোৱাৰ পথত যিকোনো
যুজঁৰ সন্মুখিন হবলৈ সাজুঁ
কিন্ত !!
কিন্ত ৰং নাই জীবনত

জিয়াই থাকিবলৈ লাগে...
বহত কিবা কিবি লাগে
সেউজীয়া,গোলপীয়া,হালধীয়া
আৰু ক'ত' কি যে ৰং


আমিবোৰো যে আৰু?
কিবা কিবি ৰং বোৰৰ অবিহনেই
উকা জীৱন লৈ জীয়াই আছো
ভাবিলেই হাহিঁবৰ মন যায়...


ধাননি পথাৰখন সন্মুখত লৈয়ে
ক'ত যে সপোন..
ক'ত যে কল্পনা..
আমি বোৰ বাৰু অন্য এক পৃথিৱীত নেকি?


নহয়তু ॥
আমিওতো একেইখন পৃথৱীতেই
সেউজীয়া,গোলপীয়া,হালধীয়াৰ মাজত
ৰংবোৰৰ অবিহনে..


পিছে ৰংবোৰৰ অবিহনে...
জীৱন সুন্দৰ,সফল আমাৰ
মানে ৰংবোৰৰ অবিহনেও পাৰিম আমি
আমাৰ লখ্যত উপনীত হবলৈ...


তোমাক আদৰনি জনোৱা আজিও নহ'ল
বেয়া নাপাবা ৰং ।
তুমি যে আমাৰ বাবে মাথো...
জীয়াই থকাৰ বিকল্পহে ॥


                                                                              হিমকুজ্যোতি। ৫ আগষ্ট, ২০১০