নেদেখা নদীৰ ঘাটত
বহিছিলো তাইৰ সতে...!!
আদিম সভ্যতাৰ এৰাতি !!
পাতিছিলো বহু যুদ্ধযাত্ৰাৰ কথা...
সুগন্ধি প্ৰেমৰ সুবাসেৰে সেই ৰাতি
বৰফৰ দেশত বিৰিঙিছিল হাঁহি !
সেই দিনা অনুভৱ কৰিব বিছাৰিছিলো...
নদীৰ অবৰ্ণময় "হিউমাচ" !
অনুভব কৰিব বিচাৰিছিলো নদীৰ সেই...
আদিম কেচেঁমা কেচেঁম সুগন্ধ !
সেই ৰাতি আছিল মোৰ বাবে এক অভিশাপ
কিয়নো বৰফ গলিব ধৰিছিল সেইদিনাই !
আৰু গলি গলি উটুৱাই নিলে ...
আদিম সভ্যতাৰ সেই কেচেঁমা কেচেঁম গোন্ধ !
উটুৱাই নিলে নেদেখা নদীৰ ঘাট !!
হিমকুজ্যোতি
১৭জানুৱাৰি|২০১০
No comments:
Post a Comment